গোট পৰীক্ষা
শেণী : vi
বিষয় - সমাজ বিজ্ঞান
সময় : ৪০ মিনিট
১। তলৰ প্ৰশ্নসমূহ শুদ্ধ উত্তৰ টো বাচি লিখা। ১× ৪ = ৪
১। প্ৰশান্ত মহাসাগৰৰ গভীৰতা ---
ক) ১০৯৪৮ খ) ১০৯৮৪ গ) ১০৪৯৮
২। উত্তৰ মেৰুৰ প্ৰধান অক্ষৰেখা ডালৰ নাম ---
ক) কৰ্কট ক্ৰাণ্টি (খ) মকৰ ক্ৰান্তি (গ) বিষুৱ ৰেখা
৩। লণ্ডনত যেতিয়া আবেলি ৩ বাজে, তেতিয়া ভাৰতত সময় হব ---
ক) ৭ বাজি ৩০ মিনিট (খ) ৮ বাজি ৩০ মিনিট (গ) ৯ বাজি ৩০ মিনিট
৪। ওচৰা ওচৰি দুটা সময় মণ্ডলৰ মাজৰ ব্যৱধান ---
ক) ২ ঘণ্টা (খ) ১ ঘণ্টা (গ) ৩ ঘণ্টা
২। চমু উত্তৰ দিয়া। ১×৪ = ৪
ক) সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে ?
খ) পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ টোৰ নাম কি ?
গ) ভূ- অবয়ৱ শব্দটোৰ অৰ্থ কি ?
ঘ) পৃথিৱীৰ পূৱা -পশ্চিমা ব্যাস উত্তৰা- দক্ষিণা ব্যাস ত কৈ ৪২ কিলোমিটাৰ দীঘল কিয় ?
৩। তলৰ প্ৰশ্নসমূহ ৰ উত্তৰ লিখা। ২×৬ = ১২
ক) আহ্নিক গতিৰ প্ৰভাৱত কি কি পৰিৱৰ্তন হয় ?
খ) মহাদেশ কেইখন আৰু কি কি ?
গ) অক্ষৰেখা আৰু দ্ৰঘিমা ৰেখা ৰ মাজৰ পাৰ্থক্য লিখা।
ঘ) মানুহে জীৱন ধাৰণৰ বাবে ভূ-অবয়ৱ ৰ ওপৰত কিদৰে নিৰ্ভৰ কৰে ?
ঙ) সমভূমি আৰু উপত্যাকাৰ মাজৰ পাৰ্থক্য লিখা
চ) এটা গোলক আঁকি বিষুৱ ৰেখা ডাল অংকন কৰা।
Comments
Post a Comment