Posts

Showing posts from September, 2026
 শ্ৰদ্ধাভাজনেষু, নমস্কাৰ গ্ৰহণ কৰিব। আপোনাক জনাও যে আমাৰ বিদ্যালয়ৰ সহঃ শিক্ষক শ্ৰীযুত অমূল্য ভট্টাচাৰ্য দেৱে যোৱা ৩১/০৮/২০২৬ তাৰিখ, সোমবাৰে, শিক্ষক জীৱনৰ কৰ্মকালৰ পৰা অৱসৰ গ্ৰহণ কৰে। তদুপলক্ষে অহা ৩০/০৯/২০২৬ তাৰিখ, বুধবাৰে, দিনৰ ১০ বজাত, তেখেতক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এখনি সভা আয়োজন কৰা হৈছে। গতিকে, উক্ত অনুষ্ঠানত আপোনাৰ উপস্থিতি একান্তভাৱে কামনা কৰি এই নিমন্ত্ৰণী পত্ৰ আগবঢ়ালোঁ। ইতি শ্ৰী দিলীপ চন্দ্ৰ ভেৰুৱা প্ৰধান শিক্ষক