One School 64 candidates .Passed only 4 (Borpeta)


নিলিখাকৈ থাকিব নোৱাৰিলোঁ, আমাৰ অভিভাৱকলৈ কিছুমান কথা দৃষ্টিগোচৰ কৰিবলৈ আহ্বান কৰিলোঁ।

1. প্ৰথম কথা আজি যেনেকৈ ফলাফল ভাল হোৱা নাই বুলি সভা পাতিছে। ঠিক তেনেদৰে বছৰৰ প্ৰত্যকটো মাহত সাধাৰণ সভা বহক আৰু ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ বিষয় লৈ

 আলোচনা কৰক।

2. অভিভাৱক সকলক উদ্দেশ্য কৰি কৈছোঁ, আপোনাৰ ল'ৰা বা ছোৱালী কি কৰি আছে নজৰ ৰাখক আৰু ঘৰত পঢ়াৰ অভ্যাস গঢ়ি তোলক।

3. আজৰি সময়ত আপোনাৰ ল'ৰা ছোৱালীয়ে কি কৰে তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখক, লগতে তেওঁলোকক মোবাইল ব্যৱহাৰৰ পৰা বিৰত ৰাখক।

4. শিক্ষকে দিয়া গৃহকাৰ্য (Home work) আপোনাৰ ল'ৰা ছোৱালীয়ে লিখিছেনে নাই তাৰ প্ৰতি গুৰুত্ব দিয়ক। 

5. আপোনাৰ ল'ৰা ছোৱালীয়ে প্ৰত্যেকদিন ঘৰত কেই ঘন্টা অধ্যয়ন কৰে, তাৰ হিচাপ ৰাখক আৰু অধ্যয়নৰ সময় যদি কম হয় সময় বঢ়াবলৈ চেষ্টা কৰক।

মোৰ মতে, এইখিনি যদি মানি চলিব পাৰে , নিশ্চয় আপোনালোকৰ ল'ৰা ছোৱালীয়ে পৰীক্ষাত ভাল ফলাফল দেখুৱাব পাৰিব। সকলো লৈ ধন্যবাদ থাকিল পৰীক্ষাৰ পিছত হ'লেও যে আপোনালোকে সজাগ হৈ সভাখন পাতিছে।



Nasir Ahmed মই আৰু দুটামান কথা কবলৈ লৈছো আপোনালোকে শিক্ষক-শিক্ষয়িত্ৰী সকলে শিকাইছে নাই ফলাফল দিয়াৰ পিচতহে এনে পৰিস্থিতি নহবলৈ  তাৰ আগতে আপোনালোকৰ লৰা ছোৱালীবোৰৰ কিতাপ বহীবোৰ check কৰি চাওক আৰু সিহতক সুধক কিয় ফলাফল বেয়া হল সিহতে কি কয় চাওক ময়ো এজন হাইস্কুলৰ প্ৰধান শিক্ষক আছিলোঁ LP স্কুলৰ পৰা যি সকল ছাত্ৰছাত্ৰী আহে তাৰে 95% আখৰবোৰ ভালকৈ পঢ়িবও  লিখিব নাজানে আৰু অংকৰ কথা নকলোৱেই বা অভিভাৱক সকলে  সভালৈ প্ৰায়ে নাহেই তেওলোকৰো অসুবিধা আছে দিন হাজিৰা কৰি খয় আমি কও তোমাকৰ মা/দাদা/পেহী যিকোনো এজন আহিলেই হল তথাপিও উপস্থিতি একেবাৰে তাকৰ ৷আৰু এটা কথা কও L.P. School ৰ পৰা যিসকল ছাত্ৰছাত্ৰী আহে তেওলোকৰ ফলাফল শতকৰা 75% -95%

ৰ ভিতৰত কিন্তু Admissionৰ সময়ত পঢ়িবলৈ আৰু লিখিবলৈ দিও নোৱাৰে৷ এয়া হৈছে আমাৰ গাও অঞ্চলৰ অৱস্থা ৷ইয়াৰ একমাত্ৰ উপাই হৈছে সেই অঞ্চলত থকা LP আৰু হাইস্কুলৰ মাজত শিক্ষক-শিক্ষয়িত্ৰী সকলৰ মাজত যোগসূত্ৰ স্থাপন কৰি মই কোৱা আসোৱাহ কিছু পৰমাণে হলেও সমাধান কৰিব পৰা যাব বুলি দৃঢ় বিশ্বাস৷

কথাখিনি দুখ লগা। ইমান বেয়া ফলাফলৰ বাবে স্কুল কমিটি, শিক্ষক আৰু অভিভাৱক কম বেছি সকলো দায়িত্ব মুৰ পাতি লব লাগিব।।

পিছে ঠিকাদাৰ সকল আহি পালে। গোটেই বছৰ খবৰ নাই। এতিয়া গোটেই দোষ শিক্ষকৰ ওপৰত জাপি ৰাইজ দধিচি ভাও লৈছে। গোটেই বছৰ ৰাজনীতি, ধৰ্ম সভা, নাওখেল, সাংস্কৃতিক সন্ধিয়া, আইপিএল ,বিয়া সবাহত ডিজে অৰ্থাৎ ৩৬৫ দিন সমাজ আৰু ঘৰ খনত এক আতংকময় আৰু বিশৃংখল ৰংগমঞ্চত ডুবাই দি ল'ৰা ছোৱালীৰ মন মগজু, মানসিকতাৰ ধ্বংস যজ্ঞ পাতিছে কোনে। ইপিনে ঘৰে ঘৰে বাইক,কাণ তাল মাৰা প্ৰচণ্ড শব্দৰে চলোৱা বাইকাৰ, মোবাইল,কোনে দিছে। আলি গলিয়ে আড্ডা, ৰাস্তাৰ কালভাৰ্টত হোৱা সন্ধিয়াৰ ছিখৰ আৰু মোবাইল ভোজমেলা বোৰ কোনোবাই এবাৰো কৈছেনে?‌স্কুলৰ অভিভাৱক সভাত কোনোবাদিন গৈছেনে।আজি আহিছে সমাজ বচাবলৈ।এদিনত নহব।৩৬৫দিনেই নজৰ দিব লাগিব। চবেই সাবধান হব লাগিব। এইবোৰ নাটক এদিন চলে। গোটেই বছৰ সচা নাটক কৰক।সমাজ, স্কুল, ল'ৰা ছোৱালী সব ভাল হ'ব।

1)ছাত্ৰ-ছাত্ৰীক অনুশাসনমূলক ব্যৱস্থাত অভিভাৱকৰ হস্তক্ষেপ বন্ধ নকৰিলে চৰকাৰী বিদ্যালয়ৰ ভাল ফলাফল আশা কৰিব নোৱাৰি৷

2)শিক্ষিত যুৱক যুৱতী সকলৰ চৰকাৰী কৰ্মসংস্থাপনৰ সীমাবদ্ধতা হেতু এখন চৰকাৰী বিদ্যালয়ৰ চৌপাশে এক কি:মি:ৰ ভিতৰত ছয় সাতখন পৰ্যন্ত ব্যক্তিগত বিদ্যালয় গঢ়ি তুলি ছাত্ৰছাত্ৰীৰ সংখ্যাগত প্ৰতিযোগিতাত নামি সম্ভাৱনাময় ছাত্ৰছাত্ৰী খিনিক নেগুৰত ধৰি টানি লৈ গৈ চৰকাৰী বিদ্যালয়ৰ সুনামৰ আশাত চেঁচা পানী ঢালিছে৷

ৰাইজেও নিজৰ সন্তানৰ দায়িত্ব কেৱল শিক্ষকৰ কান্ধত দি নিজে অকণমানো যত্ন নোলোৱাকৈ সন্তানৰ ভাল ফলাফল আশা কৰিব নোৱাৰি৷

শিক্ষক সকলৰো কিছু অংশই অজুহাত বিচাৰি নিজৰ কৰ্তব্যৰ সৰ্বাধিক প্ৰয়োগ নকৰাকৈ কেৱল ধন আহৰণৰ লক্ষ্যকে মূল কৰ্তব্য বুলি লোৱাটোও চৰম বেইমানী৷

ধনলোভী কিছুমান প্ৰধান শিক্ষকে উৎসাহী শিক্ষককো নিৰুৎসাহিত কৰে৷তেওঁলোকৰ লাগে কেৱল টকা আৰু টকা৷

অভিভাক দায়ী ঘৰত মোবাইল চাই থাকিলে পাছ কৰিব কেনেকৈ। অনুশাসন নাই শিক্ষক কি কৰিব এজন ছাত্ৰৰ লগত এজন শিক্ষক কিমান সময় পায়। আভিভাকৰ quality jazz কৰক। ইমান দিনে পঢ়ি অহা ছাত্ৰ ছাত্ৰী কি পঢ়িলে পাৰিছেনে নাই খবৰ লৈছিলনে আজি ওলায় আহিছে public কত আছিল ইমান দিন এইবোৰ পাব্লিক শিক্ষকক অসন্মান কৰিবলৈ দৌৰি আহিছে।

অধিক সংখ্যক ছাত্ৰ ছাত্ৰী সলসলীয়াকৈ পাঠ পঢ়িব নোৱাৰে, আগতে অভিভাবক আৰু শিক্ষকে মিলি পঠন লিখন নিশ্চিত কৰক,।নিজৰ সন্তানৰ বাবে প্ৰতি নিয়ত শিক্ষকৰ লগত যোগাযোগ ৰাখক ,এদিন ৰাইজমেল পাতি জৱাবদিহী কৰিলে কোনো লাভ নহব ।

Private school ৰ লৰা ছোৱালীও যদি ঘৰত নপঢ়ে মই challenge  কৰিলো ফেইল পৰাতো খাটাং।Pradip Talukdar লৰা ছোৱালী ঘৰত কিয় নপঢ়ে সেইটোৰ উত্তৰ আছেনে মাষ্টৰৰ হাতত ।

সকল শিক্ষকৰ দোষ নহয় অভিভাৱক সকলৰো দোষ আছে ,,

নিজৰ সন্তানক নিজে চোৱাচিতা কৰাটো দায়িত্ব ,,সকল শিক্ষকে পাঠে পঢ়াব পাৰে ,,শিক্ষকৰ মগজৰ সমস্ত জ্ঞান হস্তান্তৰ কৰিব নোৱাৰে ।।

চৰকাৰে শিক্ষক সকলক বিভিন্ন কামত লগোৱাটো এৰিব লাগিব ।।BLO কামত এবছৰ আগতে নিয়োগ কৰিছে ,,ক্লাছ কৰিব কেতিয়া ।।প্ৰধান শিক্ষক সকল ছাত্ৰ ছাত্ৰী খোৱা বোৱা লিষ্ট বনাওঁতে বহু সময় গুচি যায় ক্লাছ কৰিব কেতিয়া ।।।চৰকাৰৰো কৰণীয় আছে ।।।

১. আজিৰ বাহিৰে বছৰটোৰ ভিতৰত কোনোবা দিন বিদ্যালয়ত আহিছিল নে ? 

২. ঘৰত কেতিয়াবা ছাত্র ছাত্রীৰ পঢ়া শুনাৰ খবৰ লৈছিল নে ? 

৩. বিদ্যালয়ত কোন দিনা কি কি ক্লাছ/ কেইটা বিষয়ৰ পাঠদান হল ; সুধিছিল নে? 

৪. ছাত্র /ছাত্রীৰ চলন ফুৰন কেতিয়াবা লক্ষ্য কৰিছেনে ? 

৫. লৰা / ছোৱালী জনী অখাদ্য বস্তু কি নোখোৱাকৈ আছে ; খবৰ ৰাখিছেনে? 

৬. গৃহ কৰ্ম কৰিলে নে নাই ; খবৰ ৰাখিছেনে? 

৭. ব্যক্তিগত মোবাইল ফোনটোৰ ব্যৱহাৰ লক্ষ্য কৰিছেনে? কেই ঘন্টাকৈ পঢ়া শুনা আৰু কেই ঘন্টা অনলাইন গেম / free fire খেলি সময় নষ্ট কৰে খবৰ ৰাখিছেনে? 

আজিকালি লৰা ছোৱালীক শাৰীৰিক ভাবে ; মানসিকভাবে কোনো শাস্তি প্রদানৰ নিয়ম নাই...! 

তাতকৈ ডাঙৰ কথা হল বহু ৩rd class অভিভাবক আছে ; লৰা / ছোৱালীক কিবা অলপ কলে / শাৰীৰিক ভাবে অলপ শাস্তি দিলে ; যি হে ৰুপ দেখা যায় ; পিন্ধনৰ কাপোৰ ক'ত গৈ পায় ; খবৰ নাথাকে ; মুখৰ ভাষা তো মাশাআল্লাহ ; কবৈ নালাগে...! আৰক্ষী চকী / সাংবাদিক মাততেও নেনো ছেকেণ্ড হে লাগে...!মুঠতে দায়িত্ব পালন সকলোৰে দায়িত্ব...!

পিতৃ/মাতৃৰ এই ক্ষেত্রত বেছি ...?

ইমান কেইটা শ্ৰেণীৰ পৰা যে ছাত্ৰ বিলাক  উতীৰ্ণ হৈ আহিছিল শিক্ষক সকলে জনা নাছিল নেকি যে কোন জন ছাত্ৰ কেনেকৈ উতীৰ্ণ হ'ল । এতিয়া প্ৰশ্ন হ'ল যে উতীৰ্ণ হৈছিল নে উতীৰ্ণ কৰাই দিয়া হৈছিল  । তেতিয়াৰ পৰাই গুৰুত্ব দিয়া হ'লে এনেকুৱা নহ'লহেঁতেন । ছাত্ৰ যদি বেয়া আছিল অভিভাবক সকলক মাতি মাজে সময়ে বিদ্যালয়ত মাতি আনি পৰামৰ্শ দিয়া আৰু লোৱাৰ ব্যৱস্থা কৰিব লাগিছিল ।

শিক্ষক সকলক জবাবদিহি কৰি লাভ নাই,সম্পূৰ্ণ দোষ অভিভাৱকৰ। ফেইল কৰা প্ৰতিটো ছাত্ৰী ছাত্ৰী ৰ 4,5 টাকৈ instagram id আছে, ফেচবুক id আছে।

স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীক দোষাৰোপ কৰিলেই সমস্যাৰ সমাধান নহয় ৷ মাক আৰু দেউতাকে সন্তানৰ বাবে কিমান সময় খৰচ কৰিছে ইয়াতো সন্তানৰ ভবিষ্যত নিৰ্ভৰ কৰে ৷

এখন সুন্দৰ বিদ্যালয়। অভিভাবক নিজৰ সন্তানকলৈ সদায় সজাগ হ'ব লাগে। মোৰ অভিজ্ঞতাৰপৰা কওঁ চৰকাৰী বিদ্যালয়লৈ প্ৰায় অভিভাবক দুদিন হে আহে। এদিন নাম ভৰ্তি কৰিবলৈ আৰু এদিন প্ৰমাণ পত্র নিবলৈ। মাজত অভিভাবক সভা পাতিলে ১০% অভিভাবক হে উপস্থিত হয়। অভিভাবকে মাহেকত এদিন হ'লেও বিদ্যালয়লৈ আহি শিক্ষকৰ লগত সন্তানৰ খতিয়ান লব লাগে। অকল শিক্ষকক দুষি থাকিলে নহব। আজিৰ দৰে প্ৰতি মাহে আপেনালোক বিদ্যালয়লৈ আহক , শৈক্ষিক বিষয়ত শিক্ষকৰ লগত আলোচনা কৰক। সন্তানক পুনৰ অহা বছৰলৈ সাজু কৰাওক। অভিভাবকে সন্তাক বিদ্যালয়ত ১০০% উপস্থিতি নিশ্চিত কৰাওক। ভাল হ'ব।

ব্যক্তিগত খণ্ডৰ স্কুল সমুহত অভিভাৱকে স্কুলৰ শিক্ষক সকলতকৈও লৰা ছোৱালীক পঢ়াৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰে। তাৰোপৰি স্কুলৰ অভিভাৱক সভাকে আদি কৰি সকলো অনুস্থানত অংশ গ্ৰহণ কৰি তেওঁলোকৰ লৰা ছোৱালীৰ সবল দুৰ্বলৰ দিশ সমূহ শিক্ষক সকলৰ পৰা জানিব পাৰে। আনহাতে চৰকাৰী বিদ্যালয়ত বেছিভাগ অভিভাৱকে নিজৰ লৰা ছোৱালীক নাম লগাই দি দায়িত্ব সামৰে। স্কুলত লৰা ছোৱালী কি শিকিছে শিক্ষকে কি শিকাই আছে সেইবোৰ খবৰ লবলৈ সময় নাই। স্কুলৰ সভা সমিতিত উপস্থিতি তেনেই তাকৰ। গতিকে ফলাফলৰ বাবে অকল শিক্ষক সকলক জগৰীয়া কৰিলে চৰকাৰী খণ্ডৰ স্কুল সমুহৰ অৱস্থা উন্নত নহয়। ইয়াৰ বাবে আমি সকলোৱে সচেতন হৱ লাগিব। এয়া মোৰ একান্ত ব্যক্তিগত মতামত।

Comments

Popular posts from this blog